সমগ্র দেশে কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্রহণ কৰিব। খানাপাৰাত হ’বলগীয়া এই অনুষ্ঠানত পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কার্যসূচীও অনুষ্ঠিত হ’ব।
গুৱাহাটী উচ্চ ন্যায়ালয়তো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।

ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ জে টি এছ খেল পথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল’ব।