August 14, 2026 11:54 AM | Ranjeet das flood

printer

বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসৰ

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্রস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়।

অধ্যক্ষগৰাকীৰ সৈতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ- দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যৱেক্ষণ কৰে।

শ্ৰী দাসে বান প্রভাৱিত লোকসকলক চৰকাৰ তথা প্রশাসনে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহৰ বাবে বিশেষ চিন্তা-চৰ্চা কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।