ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি ৫ বজাত হ’বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই
অংশগ্ৰহণ কৰিব।
আনহাতে, ডিব্ৰুগড়ৰ টেঙাখাটত কালি অনুষ্ঠিত তিৰংগা যাত্ৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে।
এই যাত্ৰাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে তিৰংগা যাত্ৰা আমাৰ ৰাষ্ট্ৰীয় ঐক্য, দায়িত্ববোধ আৰু দেশৰ প্ৰতি থকা অগাধ শ্রদ্ধাৰ প্ৰকাশ।
ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ গুৱাহাটী মণ্ডল সমিতিয়ে কালি উত্তৰ গুৱাহাটীত বিশাল তিৰংগা যাত্ৰা উলিয়ায়। উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডৰ মণ্ডল কাৰ্যালয়ৰ পৰা উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ খেলপথাৰলৈ উলিওৱা ত্ৰিৰংগা যাত্ৰাত কেইবাশ লোকে অংশগ্ৰহণ কৰে ।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক সন্মান জনোৱাৰ উদ্দেশ্যে কালি পদযাত্রা অনুষ্ঠিত হয়। এই পদযাত্ৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা থানা চাৰিআলি হৈ পুনৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ উভতি আহে। জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাই মুকলি কৰা পদযাত্ৰাত মহকুমা বিষয়া সমুজ্জ্বল বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত জুৰি দলে, ক্রীড়া আৰু সাংস্কৃতিক উন্নয়ন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে এন চি চি কেডেট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে ত্ৰিৰংগ পতাকা গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈ নাগৰিকসকলক উৎসাহিত কৰাৰ সমান্তৰালকৈ ঐক্য, দেশপ্ৰেম আৰু জাতীয় অখণ্ডতাৰ মূল্যবোধ ৰক্ষা কৰাৰ বাবে সকলোকে এই পদযাত্ৰাৰ জৰিয়তে আহ্বান জনোৱা হয়।
আনহাতে, ডিব্ৰুগড় জিলা সদৰৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্রেম, অখণ্ডতা, ভাতৃত্ব আৰু সমন্বয় গঢ়ি তোলাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুসকলৰ আত্মত্যাগ তথা বলিদান সন্দৰ্ভত কালি বিশেষ দেশপ্রেমমূলক অনুষ্ঠান আয়োজিত হয়। শিক্ষাৰ্থীসকলৰ মাজত দেশপ্রেম সম্পৰ্কীয় বিভিন্ন প্রতিযোগিতা আৰু আজি শিক্ষানুষ্ঠানখনত দেশভক্তিমূলক অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ কবিতা আবৃত্তি আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।