ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুস্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ-বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশত ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে।
সমিতিখনে দেশৰ আন ৰাজ্যসমূহ চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্রয়োজনীয় নীতি নিৰ্দেশনা প্রস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰাম গোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে ।