August 13, 2026 8:53 PM | Lavlina Bargohain

printer

লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ লাভলীনা বৰগোঁহাইক সম্বর্ধনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ড° শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্রী ড° শৰ্মাক দুটা জার্জী উপহাৰস্বৰূপে প্রদান কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত লাভলীনাই প্ৰদৰ্শন কৰা অসাধাৰণ ক্রীড়া নৈপুন্য আৰু দৃঢ় মনোবলৰ শলাগ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।