August 13, 2026 8:53 PM

views 23

লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ লাভলীনা বৰগোঁহাইক সম্বর্ধনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ড° শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্রী ড° শৰ্মাক দুটা জার্জী উপহাৰস্বৰূপে প্রদান কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত লাভলীনাই প্ৰদৰ্শন কৰা অসাধাৰণ ক্রীড়া নৈপুন্য আৰু দৃঢ় মনোব...

July 31, 2024 6:23 PM

views 44

পেৰিছ অলিম্পিকত অসমৰ লাভলীনা বৰগোঁহাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকৰ পঞ্চম দিনা আজি অসমৰ লাভলীনা বৰগোঁহাইয়ে বক্সিঙৰ মিডল ৱেট শিতানৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ ছুন্নীভা হফষ্টাডক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখলেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ এই ফলাফলে অনুৰাগীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে পূৰ্বে ৬৯ কিলোগ্রাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী এইবেলি প্ৰথমবাৰৰ বাবে অলিম্পিকত ৭৫ কিলোগ্রাম শাখাত অৱতীৰ্ণ হৈছে। ইপিনে, ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাসকলে ন...