August 14, 2026 7:54 PM | CM award

printer

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ কেইবাগৰাকীও প্রশাসনিক তথা আৰক্ষী বিষয়া, অগ্নিনির্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসমূহ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰে মুঠ ৩৩গৰাকী বিষয়া-কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সংকটকালীন বিশেষ সেৱা পদক আৰু ৩৬গৰাকীক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ শান্তি-শৃংখলা ৰক্ষা, সংকটময় পৰিস্থিতিত সাহসিকতাপূর্ণ সেৱা আৰু উৎকৃষ্ট কৰ্মৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই পদকসমূহ প্ৰদান কৰা হয়।

সংকটজনক পৰিস্থিতিত অসাধাৰণ সাহসিকতা আৰু প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখার্জী, আই পি এছ বিষয়া অংকুৰ জৈন, পদ্মনাভ বৰুৱাকে ধৰি ৩৩গৰাকী বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে দীৰ্ঘদিনীয়া উৎকৃষ্ট সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, এ পি এছ বিষয়া পৱিন্দ্ৰ কুমাৰ নাথ, দেৱাশীষ শর্মাকে ধৰি মুঠ ৩৬গৰাকী বিষয়া তথা জোৱানক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।