সমগ্ৰ দেশত কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ’বলগীয়া কুচ-কাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূর্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচ-কাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ’ব। এছ এফ এছ স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচ-কাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব।
গুৱাহাটী উচ্চ ন্যায়ালয়তো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।