দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি হ’বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব।
বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালী জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালী জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্রামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰীঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিবেশন কৰে।
গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতি দিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নটসূর্য ফণী শৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্যবক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে ।