August 14, 2026 7:56 PM | Sainik

printer

সৈনিক কল্যাণ সঞ্চলকালয় আৰু ১৯খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্রেমমূলক তথা জনকল্যাণমূলক কার্যসূচী ৰূপায়ণ

স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে সৈনিক কল্যাণ সঞ্চলকালয় আৰু ১৯খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্রেমমূলক তথা জনকল্যাণমূলক কার্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে হৰ ঘৰ তিৰংগা, চাইকেল আৰু বাইক ৰেলী, গছপুলি ৰোপণ, সজাগতা সভা, সাংস্কৃতিক অনুষ্ঠান, দেশপ্রেমমূলক গান তথা প্ৰৱন্ধ প্রতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ তাৎপৰ্য জনসাধাৰণক অৱগত কৰা আৰু শান্তি, একতা তথা দায়িত্বশীল নাগৰিকৰ মূল্যবোধ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই প্রাক্-স্বাধীনতা দিৱস উদযাপনৰ মূল্য লক্ষ্য আছিল ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।