নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । নলবাৰী ক্রীড়া সন্থাৰ কাৰ্যালয় চৌহদত আয়োজন কৰা এই ৰক্তদান শিবিৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত ৰক্তদানক মানৱীয় দায়বদ্ধতা, প্ৰমূল্যবোধ আৰু মহানুভৱতাৰ অন্য নাম বুলি অভিহিত কৰি এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায়। অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাকে ধৰি কেইবগৰাকীও জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Assamese | August 14, 2026 7:14 PM | Jayanta Malla Baruah
নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন