August 14, 2026 6:46 PM | President

printer

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ’ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা চাৰে ৯ বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব ।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া ৭ বাজি ৫০ মিনিটত প্ৰচাৰ কৰা হ’ব।