September 23, 2026 1:32 PM

views 8

বডোডৰাত আজি মহাৰাজ ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বডোডৰাত মহাৰাজ ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ব্ৰহ্মকুমাৰী সংস্থাৰ বিশ্বৰ পুনৰ নিৰ্মাণৰ বাবে আধ্যাত্মিক জাগৃতি অভিযান মুকলি কৰিব আৰু বডোডৰাৰ গোলকীয় আধ্যাত্মিক প্রাসাদ উদ্বোধন কৰিব।

September 5, 2026 7:44 PM

views 18

গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মূৰ প্ৰকাশ

গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শিক্ষক দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্রদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুমুৱে এইদৰে প্ৰকাশ কৰে। তেঁও কয়, যে শিক্ষকক সন্মান কৰা সমাজকহে প্ৰকৃতাৰ্থত প্ৰগতিশীল সমাজ বুলি ক'ব পাৰি। ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সংবিধানত উল্লেখ কৰা সম সুযোগৰ আদৰ্শৰাজি বাস্তবায়িত কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম বুলি উল্লেখ কৰে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাৰ ...

August 14, 2026 6:46 PM

views 61

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা চাৰে ৯ বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব । ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰ হোৱা...

July 21, 2026 7:59 PM

views 17

ভাৰত আৰু উত্তৰ মেচিডনিয়াই বন্ধুত্বপূৰ্ণ সম্পর্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

ভাৰত আৰু উত্তৰ মেচিডনিয়াই গণতান্ত্রিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত দুয়ো দেশৰ মাজত গঢ়ি উঠা গভীৰ বন্ধুত্বপূৰ্ণ সম্পর্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে প্ৰকাশ কৰিছে। আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানা ছিলজান'ক্সা-ডেভক'ভাৰ সৈতে মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী মুমুৱে কয় যে আজি উভয় দেশে দ্বিপাক্ষিক সহযোগিতাৰ সকলোবোৰ দিশ পর্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সম্পর্কে আলোচনা কৰে। তে...

July 20, 2026 8:10 PM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মলডভাবাসীক তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন

ভাৰত আৰু মলডভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড, নৱীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, কৃত্রিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বহু দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰা হব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মলডভাৰ ৰাষ্ট্ৰপতি মায়া ছান্দুৱে আজি ছিছিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুটি বুলি অভিহিত কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মলডভা গণৰাজ্যত এয়া প্ৰথমটো ৰাজ্যিক...

July 18, 2026 8:21 PM

views 22

কাইলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুমুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্রমণ। আনহাতে বিগত তিনি দশকৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমাণিয়া ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্রমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশিদাৰিত্ব শক্তিশালী ক...

June 30, 2026 8:00 PM

views 22

ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদর্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদর্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহক সম্বোধি শ্ৰীমতী মুর্মুৱে এই আহ্বান জনায়। তেওঁ কয়, যে শিক্ষিত যুৱক-যুৱতীসকলে কেৱল তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ কথা ভৱা উচিত নহয়, বৰং সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি ৰাষ্ট গঠনত অৱদান আগবঢ়োৱা উচিত। শ্ৰীমতী মুমুৱে শিক্ষাৰ্থীসকলক সামাজিক পৰিৱৰ্তনৰ একোগৰাকী...

June 29, 2026 8:35 PM

views 24

ৰাষ্ট্ৰপতি ভৱনত আজি দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্ছেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নিজ বাঞ্চয়, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দ সিং ভদ্ৰা, আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দেৰ পালসিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহ...

January 24, 2026 11:59 AM

views 66

ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

 ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন কৰে। এই কুটিৰত প্রায় ৫০টা পাণ্ডুলিপি আৰু ১১টা ভাৰতীয় ধ্রুপদী ভাষাৰ দুহেজাৰ ৩০০ খন গ্রন্থ সংগ্ৰহ কৰা হৈছে। এই কুটিৰত মহাকাব্য, দর্শন, ভাষা, বুৰঞ্জী, শাসন ব্যবস্থা, বিজ্ঞান, আধ্যাত্মিক সাহিত্যৰ লগতে ভাৰতীয় সংবিধান বিষয়ক বিভিন্ন গ্রন্থ ৰখা হৈছে। দেশৰ চহকী সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সন্দৰ্ভত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ লগতে অনৈক্যৰ মাজত ঐক্যৰ ভাৱধাৰা শক্তিশালী কৰাটোৱে হৈছে এই গ্রন্থ কুটিৰৰ মূল উদ্দেশ্য। এই উপলক্ষে দিয়...

January 2, 2026 11:58 AM

views 68

দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

ভাৰত শীঘ্রেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতিভৱনত আয়োজিত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ- SOAR শীর্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা এক প্ৰকাৰৰ প্ৰযুক্তি নহয়, বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ সুযোগ। শ্রীমতী মুর্মুৱে লগতে কয়, যে অনাগত দশকত দেশ...