September 5, 2026 7:44 PM | President

printer

গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মূৰ প্ৰকাশ

গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শিক্ষক দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্রদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুমুৱে এইদৰে প্ৰকাশ কৰে। তেঁও কয়, যে শিক্ষকক সন্মান কৰা সমাজকহে প্ৰকৃতাৰ্থত প্ৰগতিশীল সমাজ বুলি ক’ব পাৰি। ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সংবিধানত উল্লেখ কৰা সম সুযোগৰ আদৰ্শৰাজি বাস্তবায়িত কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যম বুলি উল্লেখ কৰে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাৰ বলতহে আধাতে প্রাথমিক বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে আৰু দেশত এনে শিক্ষাৰ্থীৰ সংখ্যা লেশমাত্ৰ হৈছে।

শ্রীমতী মুৰ্মুৱে কয়, যে শৈক্ষিক উৎকর্ষতা, দক্ষতা বিকাশ আৰু উদ্যমশীলতাৰ মনোভাৱে ৰাষ্ট্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে ভাৰতবৰ্ষক জ্ঞানৰ শক্তিৰ লগতে বিশ্বৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাটো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। শক্তিৰ মহান উৎস হিচাপে জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমতী মুমুৱে কয়, যে শিক্ষাই সকলোকে স্বাধীনচিতীয়াভাৱে চিন্তা-চৰ্চা কৰিবলৈ, সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু দেশৰ প্ৰগতিত অর্থৱহ অৰিহণা যোগাব পৰাকৈ সবল কৰি তোলে। নিষ্ঠাৱান শিক্ষক-শিক্ষয়িত্ৰীসকলক অগ্ৰণী ৰাষ্ট্ৰ নিৰ্মাতা বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।

শ্ৰীমতী মুৰ্মুৱে লগতে মহিলাৰ অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সাবিত্ৰীবাই ফুলেৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়েও স্মৰণ কৰে। তেওঁ কয়, যে স্কুলীয়া শিক্ষা হৈছে শিক্ষাব্যৱস্থাৰ মূল ভেটিস্বৰূপ।

শৈশৱতে শিশুৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক বিকাশত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি শিক্ষক- শিক্ষয়িত্ৰীসকলে ভৱিষ্যৎ প্ৰজন্ম শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু কৰ্তব্যপৰায়ণ নাগৰিক হিচাপে গঢ় দিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।

শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটাসমূহ প্রদান কৰে। ২৭ খন ৰাজ্য ৭টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ছটা সংস্থাৰ বচা বচা ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা হয়। শ্ৰীমতী মুমুৱে লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলি টেকনিকৰ ২১ গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ১২ গৰাকী শিক্ষক আৰু অধ্যাপকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বঁটা লাভ কৰাসকলৰ উল্লেখনীয় কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা একোখনকৈ চুটি তথ্য চিত্র প্রদর্শন কৰা হয়।

ইয়াৰ পূৰ্বে শ্ৰীমতী মুৰ্মৰে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° সর্বেপল্লি ৰাধাকৃষ্ণণৰ জয়ন্তীত শ্রদ্ধা নিবেদন কৰে। ড° ৰাধাকৃষ্ণণে ১৯৫২-ৰ পৰা ১৯৬২ চনলৈ উপ-ৰাষ্ট্ৰপতি হিচাপে আৰু ১৯৬২ৰ পৰা ১৯৬৭ চনলৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।