October 22, 2026 12:24 PM | President

printer

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চত্তিশগড়লৈ ৰাওনা হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া ভ্রমণসূচীৰে আজি চত্তিশগড়লৈ ৰাওনা হ’ব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰায়পুৰ আৰু জগদলপুৰৰ কেইবাটাও অনুষ্ঠানত অংশ ল’ব। শ্রীমতী মুর্মুৱে আজি ৰায়পুৰত নুৱাখাই উৎসৱত অংশ ল’ব। কাইলৈ শ্ৰীমতী মুৰ্মু মুৰিয়া দৰবাৰত উপস্থিত থকাৰ লগতে জগদলপুৰত হ’বলগীয়া বাস্তাৰ দশেৰা উৎসৱ উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।