July 20, 2026 8:10 PM | President

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মলডভাবাসীক তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন

ভাৰত আৰু মলডভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড, নৱীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, কৃত্রিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বহু দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰা হব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মলডভাৰ ৰাষ্ট্ৰপতি মায়া ছান্দুৱে আজি ছিছিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুটি বুলি অভিহিত কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মলডভা গণৰাজ্যত এয়া প্ৰথমটো ৰাজ্যিক ভ্রমণ। এই ভ্রমণে ৩ দশকৰো অধিক সময় ধৰি থকা দুয়োখন দেশৰ সম্পৰ্কৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আঞ্চলিক আৰু বিশ্বৰ কেতবোৰ উন্নয়নৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মলডভাৰ ৰাষ্ট্ৰপতি মায়া ছান্দু, দেশখনৰ চৰকাৰ আৰু মলডভাবাসীক তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে দুয়োখন দেশে অধিক শক্তিশালী, ভৱিষ্যতমুখী আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আশা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে মলডভাৰ লগতে উত্তৰ মেছিডনিয়া আৰু ৰোমানিয়াত ত্ৰিদেশীয় ভ্রমণসূচীৰে কালি ৰাওনা হয়। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুমু অহা ২১ জুলাইত উত্তৰ মেচিড’নিয়ালৈ যাব। এয়া হ’ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো উত্তৰ মেচিড’নিয়া ভ্রমণ। শ্রীমতী মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি ছিলজানাভ’স্কা–দাভক’ভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল’ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু এছেম্বলিৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ উপৰি উত্তৰ মেচিড’নিয়া এছেম্বলিক উদ্দেশি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত—উত্তৰ মেচিড’নিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল’ব। উল্লেখযোগ্য যে দুয়োখন দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্রযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অর্থনৈতিক সম্পর্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বার্থ আছে।

ভ্ৰমণৰ তৃতীয় তথা অন্তিম পর্যায়ত অহা ২৩ জুলাইত ৰাষ্ট্ৰপতি মুমুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুমুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৱৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া—ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

ৰাষ্ট্ৰপতিৰ এই ভ্রমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্রমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।