July 21, 2026 7:59 PM | President

printer

ভাৰত আৰু উত্তৰ মেচিডনিয়াই বন্ধুত্বপূৰ্ণ সম্পর্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

ভাৰত আৰু উত্তৰ মেচিডনিয়াই গণতান্ত্রিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত দুয়ো দেশৰ মাজত গঢ়ি উঠা গভীৰ বন্ধুত্বপূৰ্ণ সম্পর্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে প্ৰকাশ কৰিছে। আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানা ছিলজান’ক্সা-ডেভক’ভাৰ সৈতে মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী মুমুৱে কয় যে আজি উভয় দেশে দ্বিপাক্ষিক সহযোগিতাৰ সকলোবোৰ দিশ পর্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সম্পর্কে আলোচনা কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশে তথ্যপ্রযুক্তি তথা তথ্যপ্রযুক্তিৰে পৰিচালিত বিভিন্ন সেৱা, কৃষি, খাদ্য প্ৰসংস্কৰণ, ভেষজ সামগ্ৰী, হস্ততাঁত, জৈৱপ্ৰযুক্তি, পর্যটন, আতিথ্য আৰু চলচ্চিত্র নির্মাণকে ধৰি কেইবাটাও খণ্ডত সহযোগিতা বৃদ্ধিৰে বাণিজ্য আৰু বিনিয়োগৰ অধিক প্ৰসাৰ ঘটাব। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এই ঐতিহাসিক উত্তৰ মেচিডনিয়া ভ্রমণে দুয়োখন দেশৰ বহুমাত্ৰিক সহযোগিতাক নতুন মাত্রা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে উত্তৰ মেচিডনিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুক দেশখনৰ ৰাষ্ট্ৰপতি গর্ডানাই তেওঁৰ স্কপিয়ত থকা চৰকাৰী বাসভৱন ভিলা ভড্‌নত আদৰণি জনায়। শ্ৰীমতী মুমুৰ সন্মানার্থে আনুষ্ঠানিক গার্ড অব অনাৰ প্ৰদানৰ পাছত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱেই হৈছে উত্তৰ মেচিডনিয়া ৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা প্ৰথমগৰাকীৰ

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।