May 9, 2024 12:44 PM

views 79

ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত পদ্ম বঁটা প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক বঁটাটি পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী-এই তিনিটা শাখাত প্ৰদান কৰা হয়। কলা, সামাজিক কর্ম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱাকে ধৰি বিভিন্ন ভাগ আৰু কাৰ্য্যকলাপৰ ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত ২২ এপ্রিলত তিনিটা ...

April 22, 2024 11:37 AM

views 69

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি পদ্ম বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ড০ পদ্মা সুব্রমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হ'ব। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী ঊষা উত্থুপে আজি সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰিব।

April 9, 2024 8:06 PM

views 58

কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত হোমিঅ’পেথিক সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিশ্ব হোমিঅ'পেথি দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত থকা যশোভূমি সভাগৃহত দুদিনীয়াকৈ আয়োজিত হোমিঅ'পেথিক সন্মিলন উদ্বোধন কৰিব। হোমিঅ'পেথিৰ দিশত গৱেষণাৰ উদ্দেশ্যে থকা কেন্দ্ৰীয় পৰিষদ চি চি আৰ এইচৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ৰ অধীনত এই পৰিষদে আয়োজন কৰা সন্মিলনৰ বিষয়বস্তু হৈছে দক্ষতা বৃদ্ধিৰ জৰিয়তে গৱেষণাৰ দিশত বিকাশ ঘটোৱা। এই সন্মিলনৰ যোগেদি সম্পূৰ্ণ স্বাস্থ্য আৰু আৰোগ্য তথা হোমিঅ'পেথি চিকিৎসাত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰক উদগণি য...

April 9, 2024 6:30 PM

views 94

চৈত্ৰ্য শুক্লাদি, গুড়ি পড়ৱা, উগাড়ি, চেতী চান্দ, নৱৰেহ আৰু ছজীবু চেইৰাওবা উপলক্ষে দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৈত্ৰ্য শুক্লাদি, গুড়ি পড়ৱা, উগাড়ি, চেতী চান্দ, নৱৰেহ আৰু ছজীবু চেইৰাওবা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কৈছে যে, এই উৎসৱসমূহ বসন্ত ঋতু আৰু ভাৰতীয় নৱ-বৰ্ষক আদৰণি জনোৱা উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱসমূহে শান্তি, সম্প্ৰীতি আৰু সহনশীলতাৰ বাৰ্তা বিয়পাই দিব বুলি ৰাষ্ট্ৰপতিয়ে আশা প্রকাশ কৰিছে। তেওঁ লগতে কৈছে যে, এই উৎসৱসমূহ দেশৰ চ...

April 8, 2024 8:29 PM

views 70

চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাত কয় যে, বসন্ত ঋতু তথা ভাৰতীয় নতুন বৰ্ষক আদৰাৰ বাবে এই উৎসৱসমূহ পালন কৰা হয়। তেওঁ কয় যে, দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱসমূহে শান্তি, সম্প্ৰীতি আৰু সহনশীলতাৰ বাৰ্তা বিয়পায়। তেওঁ লগতে উল্লেখ কৰে যে, এই উৎসৱসমূহ হৈছে দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ঐক্যৰ চিহ্নস্বৰূপ আৰু এই উৎসৱসমূহ পালনৰ জৰিয়তে জনসাধাৰণে প্ৰকৃতিৰ প...