ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া এটা অনুষ্ঠানত পদ্ম বঁটা প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক বঁটাটি পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী-এই তিনিটা শাখাত প্ৰদান কৰা হয়। কলা, সামাজিক কর্ম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱাকে ধৰি বিভিন্ন ভাগ আৰু কাৰ্য্যকলাপৰ ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত ২২ এপ্রিলত তিনিটা পদ্মবিভূষণ, আঠটা পদ্মভূষণ আৰু ৫৫টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল৷
Assamese | May 9, 2024 12:44 PM | President
ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান প্ৰদান