ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাত কয় যে, বসন্ত ঋতু তথা ভাৰতীয় নতুন বৰ্ষক আদৰাৰ বাবে এই উৎসৱসমূহ পালন কৰা হয়। তেওঁ কয় যে, দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱসমূহে শান্তি, সম্প্ৰীতি আৰু সহনশীলতাৰ বাৰ্তা বিয়পায়। তেওঁ লগতে উল্লেখ কৰে যে, এই উৎসৱসমূহ হৈছে দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ঐক্যৰ চিহ্নস্বৰূপ আৰু এই উৎসৱসমূহ পালনৰ জৰিয়তে জনসাধাৰণে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ কৃতজ্ঞতা প্রকাশ কৰে।
Assamese | April 8, 2024 8:29 PM | President
চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা