September 28, 2024 10:28 AM

views 47

তেলেংগানাত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি এদিনীয়া ভ্রমণসূচীৰে তেলেংগানালৈ যাব। ভ্ৰমণৰ অংশহিচাপে ৰাষ্ট্ৰপতিয়ে হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহত ভাগ ল'ব। শ্ৰীমতী মুর্মুৱে ছিকন্দ্ৰাবাদত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। ৮ দিনীয়াকৈ হ'বলগীয়া এই কলা মহোৎসৱত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। আটাইকেইখন ৰাজ্যৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলে এই কলা মহোৎসৱত ভাগ ল'ব।

September 4, 2024 11:53 AM

views 62

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মহাৰাষ্ট্ৰৰ লাটুল জিলাৰ উদগীৰত বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি কৰিব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্রী একনাথ সিন্দে, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰ উপস্থিত থাকিব। ৰাষ্ট্ৰপতিয়ে লগতে শাসন অপল্যা দাৰি আৰু মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী সকলকো সাক্ষাৎ‍ কৰিব । ৰাষ্ট্ৰপতি মুমু নাদেড়ৰ টৰ্ট ছচখণ্ড শ্ৰী হুজুৰ শ্বাহিদ গুৰুদ্বাৰো পৰিদৰ্শন কৰিব। শ্ৰীমুর্মু তিনি-দিনীয়া...

September 2, 2024 8:15 PM

views 58

৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি কোলহাপুৰত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু ৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁক স্বাগতম জনায়। শ্ৰীমতী মুমুয়ে ইয়াৰ পাছত কৰবীৰ নিৱাসিনী শ্ৰীমহালক্ষ্মী মন্দিৰ দৰ্শন কৰি পুজা অৰ্চনা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি কোলহাপুৰৰ ৱানানগৰত শ্ৰীৱাৰণা মহিলা সমবায় গোটৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। কাইলৈ তেওঁ পুণেৰ চিম্বায়ছিছ আন্তৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তনত অংশ লব। তেওঁ লগতে মুম্বাইৰ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ শতবৰ্ষ উপল...

August 29, 2024 11:21 AM

views 63

ধৰ্ষণ আৰু হত্যাৰ ঘটনাক সহ্য কৰা নহ’ব : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে, কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সমগ্ৰ ৰাষ্ট্ৰকে জোকাৰি গৈছে আৰু সকলো লোকে আৰু সহ্য কৰা নহ'ব বুলি একেলগে কোৱাৰ সময় আহি পৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এটা বিবৃতি শ্বেয়াৰ কৰি এইদৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে, শেহতীয়াকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বৰ্ধিত ঘটনাই আমাক এই সমস্যাৰ মূল কাৰণৰ সম্ভেদ উলিওৱাৰ বাবে আত্ম-বিশ্লেষণৰ প্ৰয়োজনৰ কথা সোঁৱৰাই দিছে। শ্রীমতী মুর্মুৱে কয় যে, এই ঘটনাই তেওঁক নিৰাশ আৰু স্তব্ধ কৰি তুলিছে। তেও...

August 22, 2024 5:50 PM

views 54

অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে যে এই ঘটনাটোৰ বাবে তেওঁ গভীৰ আঘাত পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুর্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ আত্মীয়লৈ দুই লাখ...

August 14, 2024 6:08 PM

views 59

স্বাধীনতা দিৱসৰ প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আজি প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সন্ধিয়া সাত বজাত প্ৰথমে হিন্দীত আৰু পাছত ইংৰাজীত এই ভাষণ প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনে ইয়াৰ পাছতে ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা চাৰে ৯ বজাত ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটীৰ বাতৰি প্ৰচাৰৰ সময় কিছু সালসলনি কৰা হৈছে। এই অনুসৰি আ...

August 9, 2024 8:37 PM

views 53

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ টিমোৰ লেষ্ট অভিমুখে ৰাওনা

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমোৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুর্মু কাইলৈ পুৱাৰ ভাগত টিমোৰ লেষ্টৰ ৰাজধানী ডিলিত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব।

August 7, 2024 8:11 PM

views 66

পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে, ফোগতৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অলিম্পিকত ফোগতক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুখজনক যদিও তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৃদয়ত ছেম্পিয়ন হৈ থাকিব। ফোগত ভাৰতীয় মহিলাসকলৰ কেতিয়াও হাৰ নমনাৰ মানসিকতাৰ প্ৰতিক বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেঁও কয় যে, খেলুৱৈগৰাকী ভৱিষ্যতে বিশ্ব ছেম্পিয়ন হ'বলগীয়া ভাৰ...

August 2, 2024 8:18 PM

views 66

ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পূবৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম'ৰলেষ্ট ভ্ৰমণ। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতিৰ বিষয়ে উল্লেখ কৰাৰ পাছৰে পৰা দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলে ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে এই তিনিওখন দেশকে এক্ট ইষ্ট নীতিয়ে সামৰি লোৱা বুলি সদ...

June 10, 2024 8:12 PM

views 87

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে চুবুৰীয়া প্ৰথম নীতিৰ অধীনত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুয়োখন দেশৰ মাজৰ অনন্য সম্পৰ্ক অধিক শক্তিশালী কৰাত দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ জনসাধাৰণক উপকৃত কৰাৰ হকে নেপালৰ বিভিন্ন খণ্ডত উন্নয়নমূলক উদ্যমসমূহ আগবঢ়াই নিয়া সন্দৰ্ভতো আলোচনা কৰে।