September 2, 2024 8:15 PM

views 58

৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি কোলহাপুৰত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু ৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁক স্বাগতম জনায়। শ্ৰীমতী মুমুয়ে ইয়াৰ পাছত কৰবীৰ নিৱাসিনী শ্ৰীমহালক্ষ্মী মন্দিৰ দৰ্শন কৰি পুজা অৰ্চনা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি কোলহাপুৰৰ ৱানানগৰত শ্ৰীৱাৰণা মহিলা সমবায় গোটৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। কাইলৈ তেওঁ পুণেৰ চিম্বায়ছিছ আন্তৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তনত অংশ লব। তেওঁ লগতে মুম্বাইৰ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ শতবৰ্ষ উপল...

August 29, 2024 11:21 AM

views 63

ধৰ্ষণ আৰু হত্যাৰ ঘটনাক সহ্য কৰা নহ’ব : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে, কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সমগ্ৰ ৰাষ্ট্ৰকে জোকাৰি গৈছে আৰু সকলো লোকে আৰু সহ্য কৰা নহ'ব বুলি একেলগে কোৱাৰ সময় আহি পৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এটা বিবৃতি শ্বেয়াৰ কৰি এইদৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে, শেহতীয়াকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বৰ্ধিত ঘটনাই আমাক এই সমস্যাৰ মূল কাৰণৰ সম্ভেদ উলিওৱাৰ বাবে আত্ম-বিশ্লেষণৰ প্ৰয়োজনৰ কথা সোঁৱৰাই দিছে। শ্রীমতী মুর্মুৱে কয় যে, এই ঘটনাই তেওঁক নিৰাশ আৰু স্তব্ধ কৰি তুলিছে। তেও...

August 22, 2024 5:50 PM

views 53

অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে যে এই ঘটনাটোৰ বাবে তেওঁ গভীৰ আঘাত পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুর্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ আত্মীয়লৈ দুই লাখ...

August 14, 2024 6:08 PM

views 59

স্বাধীনতা দিৱসৰ প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আজি প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সন্ধিয়া সাত বজাত প্ৰথমে হিন্দীত আৰু পাছত ইংৰাজীত এই ভাষণ প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনে ইয়াৰ পাছতে ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা চাৰে ৯ বজাত ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটীৰ বাতৰি প্ৰচাৰৰ সময় কিছু সালসলনি কৰা হৈছে। এই অনুসৰি আ...

August 9, 2024 8:37 PM

views 53

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ টিমোৰ লেষ্ট অভিমুখে ৰাওনা

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমোৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুর্মু কাইলৈ পুৱাৰ ভাগত টিমোৰ লেষ্টৰ ৰাজধানী ডিলিত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব।

August 7, 2024 8:11 PM

views 66

পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে, ফোগতৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অলিম্পিকত ফোগতক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুখজনক যদিও তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৃদয়ত ছেম্পিয়ন হৈ থাকিব। ফোগত ভাৰতীয় মহিলাসকলৰ কেতিয়াও হাৰ নমনাৰ মানসিকতাৰ প্ৰতিক বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেঁও কয় যে, খেলুৱৈগৰাকী ভৱিষ্যতে বিশ্ব ছেম্পিয়ন হ'বলগীয়া ভাৰ...

August 2, 2024 8:18 PM

views 66

ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পূবৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম'ৰলেষ্ট ভ্ৰমণ। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতিৰ বিষয়ে উল্লেখ কৰাৰ পাছৰে পৰা দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলে ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে এই তিনিওখন দেশকে এক্ট ইষ্ট নীতিয়ে সামৰি লোৱা বুলি সদ...

June 10, 2024 8:12 PM

views 85

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে চুবুৰীয়া প্ৰথম নীতিৰ অধীনত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল প্রচণ্ডৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুয়োখন দেশৰ মাজৰ অনন্য সম্পৰ্ক অধিক শক্তিশালী কৰাত দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ জনসাধাৰণক উপকৃত কৰাৰ হকে নেপালৰ বিভিন্ন খণ্ডত উন্নয়নমূলক উদ্যমসমূহ আগবঢ়াই নিয়া সন্দৰ্ভতো আলোচনা কৰে।

June 3, 2024 5:54 PM

views 72

মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড়ে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পথ দুৰ্ঘটনাৰ বাতৰিটো অতি দুখজনক আৰু আঘাতপ্ৰাপ্ত সকল শীঘ্ৰেই আৰোগ্য হোৱাটো কামনা কৰিছো । উপ-ৰাষ্ট্ৰপতি শ্রীধনখড়ে কয় যে, পথ দুৰ্ঘটনাটোত প্রাণহানি হোৱা সকলৰ বাবে তেওঁ অতিশয় দুখিত। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্রাপ্তসকলৰ আশু আৰোগ্য ...

May 27, 2024 7:35 PM

views 61

ভাৰত মণ্ডপমত ব্ৰহ্মকুমাৰীসকলৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, স্বাৰ্থপৰতাৰ উৰ্ধলৈ গৈ জনকল্যাণৰ উদ্যমেৰে নিৰন্তৰ কাম কৰি যোৱাটো অন্তর্নিহিত আধ্যাত্মিকতাৰ সমজুৱা প্ৰকাশ। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰহ্মকুমাৰীসকলৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ব্ৰহ্মকুমাৰীসকলৰ এই বছৰৰ নিৰ্ধাৰিত বিষয়বস্তু স্বচ্ছ আৰু সবল সমাজৰ বাবে আধ্যাত্মিক সবলীকৰণ ৰাষ্ট্ৰীয়ভাৱে উন্মোচন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত শ্ৰীমতী মুৰ্মুয়ে কয় যে জনহিতৰ বাবে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱা হৈছ...