December 17, 2024 8:10 PM

views 59

দেশ বহনক্ষম চিকিৎসা পৰ্য্যটনৰ কেন্দ্ৰৰূপে উজ্বলি উঠিছে : ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে আমাৰ দেশ বহনক্ষম চিকিৎসা পৰ্য্যটনৰ কেন্দ্ৰৰূপে উজ্বলি উঠিছে আৰু চিকিৎসকসকলে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰিৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে চিকিৎসা বৃত্তিক মানৱ জাতিৰ সেৱাৰ উৎকৃষ্ট পন্থা বুলি অভিহিত কৰে। সৰ্বাত্মক স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে এইমছ মংগলাগিৰিৰ সৰ্বাত্মক স্বাস্থ্য সদায় মন্ত্ৰৰ ভ...

December 6, 2024 2:46 PM

views 54

এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথ। তেওঁ কয়, যে নিয়োগ লাভ কৰাটোৱে কেৱল শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয় বৰং শিক্ষার্থীসকলে শিক্ষাৰ পৰা বহুল জ্ঞান আহৰণ কৰাটোহে প্রয়োজন। ওড়িশাৰ ময়ূৰভাঞ্জ জিলাৰ উপৰবেদ চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে কয়। শ্ৰীমতী মুর্মু ৫দিনীয়া ভ্রমণসূচীৰে ওড়িশালৈ গৈছে। ভ্ৰমণৰ অংশ হিচাপে কাইলৈ তেওঁ তিনিটা ৰে'ল লাইন উদ্বোধন কৰিব। তদুপৰি তেওঁ ...

November 13, 2024 6:09 PM

views 54

পৰ্যটনৰ উন্নয়নে যুৱ সম্প্ৰদায়ৰ বাবে বৃহৎ পৰিমাণৰ নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে পৰ্যটনৰ উন্নয়নে কেৱল ঐতিহ্যক আগবঢ়াই নিয়াই নহয়, বৰঞ্চ ই যুৱ সম্প্ৰদায়ৰ বাবে বৃহৎ পৰিমাণৰ নিয়োগৰ সুবিধাও সৃষ্টি কৰে। তিনিদিনীয়া কাৰ্যসূচীৰে দাদা নগৰ হাভেলী তথা দমন আৰু দিউ ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কেন্দ্রীয় শাসিত অঞ্চলটোত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রীমতী মুর্মুৱে অঞ্চলটোৰ পৰ্যটন, শিক্ষা আৰু ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়। ৰাষ্...

November 5, 2024 8:45 PM

views 54

উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে দেশত ন্যায়সংগত আৰু নিৰপেক্ষ সমাজৰ দিশে লৈ যোৱাৰ বাবে ন্যায় ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগিব। ৰাষ্ট্ৰপতি ভৱনত আজি বিয়লি উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰমূল্য আৰু বাস্তৱিকতাৰ ভিত্তিত ন্যায় ব্যৱস্থা বিকশাই তুলিছে। তেওঁ লগতে কয় যে, সমতা আৰু সম ন্যায় ব্যৱস্থাৰ আদৰ্শৰাজি ন্যায়পালিকাৰ বাবে পথ প্ৰদৰ্শকস্বৰূপ হ'ব লাগে।

October 29, 2024 8:09 PM

views 56

ৰাষ্ট্ৰপতি ভৱনত শিল্পকৰ্মৰ প্ৰদৰ্শনী পৰিদৰ্শন শ্রীমতী দ্রৌপদী মুৰ্মুৰ

আজি ৰাষ্ট্ৰপতি ভৱনত শিল্পীসকলৰ এটা দলে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুর্ক সাক্ষাৎ কৰে। যোৱা কেইবাদিনো ধৰি ৰাষ্ট্ৰপতি ভৱনত বাহৰ পাতি থকা শিল্পীসকলে আগবঢ়োৱা শিল্পকৰ্মৰ প্ৰদৰ্শনী এখন ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিদৰ্শন কৰে। শিল্পীসকলৰ শিল্পকৰ্মৰ প্ৰশংসা কৰি তেওঁ কয় যে, এই শিল্পকৰ্মসমূহে মানৱ আৰু প্ৰকৃতিৰ মাজৰ চিৰন্তন সম্পৰ্ক প্ৰতিফলিত কৰিছে। তেওঁ লগতে সকলোকে শিল্পীসকলক উৎসাহ প্ৰদানৰ বাবে তেওঁলোকৰ শিল্পকৰ্মসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, এই শিল্পীসকলে সৃজন-২০২৪ৰ আর্ট ইন ৰেচিডেন্সি শীৰ্ষক এ...

October 22, 2024 8:12 PM

views 65

নতুন দিল্লীত আজি পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি মুমুৱে কয় যে চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰিছে। তেওঁ কয় যে ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সম...

October 15, 2024 8:18 PM

views 53

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ত্রিদেশীয় ভ্রমণসূচীৰ অংশ হিচাপে সম্প্রতি আলজেৰিয়াত থকা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ আলজেৰিয়াৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা মন্ত্ৰী কমাল বদ্রিয়ে ৰাষ্ট্ৰপতিক এই ডিগ্ৰী অৰ্পণ কৰে। এই উপলক্ষে শ্রীমতী মুর্মুৱে এই ডক্টৰেট ডিগ্ৰীক দেশৰ সন্মান বুলি অভিহিত কৰে। তেওঁ কয় যে, ভাৰত অনাদিকালৰে পৰা শান্তি আৰু সমৃদ্ধিশালী বিশ্বৰ হকে থিয় দি আহিছে। শিক্ষাই অসমানতা দূৰ কৰে আৰু সকলোৰে ব...

October 9, 2024 9:01 PM

views 71

দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতি এবদেলমাদজিদ টেববওনিৰ আমন্ত্রণমর্মে ১৩ৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় চিডি আবডেল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি প'ল বিশ্ববিদ্যালয়ত ভাৰত-আলজেৰিয়া অর্থনৈতিক ফ'ৰামত ভাষণ দিব। ভাৰত আৰু আলজেৰিয়াই ব...

September 28, 2024 10:28 AM

views 47

তেলেংগানাত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি এদিনীয়া ভ্রমণসূচীৰে তেলেংগানালৈ যাব। ভ্ৰমণৰ অংশহিচাপে ৰাষ্ট্ৰপতিয়ে হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহত ভাগ ল'ব। শ্ৰীমতী মুর্মুৱে ছিকন্দ্ৰাবাদত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। ৮ দিনীয়াকৈ হ'বলগীয়া এই কলা মহোৎসৱত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। আটাইকেইখন ৰাজ্যৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলে এই কলা মহোৎসৱত ভাগ ল'ব।

September 4, 2024 11:53 AM

views 62

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মহাৰাষ্ট্ৰৰ লাটুল জিলাৰ উদগীৰত বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি কৰিব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্রী একনাথ সিন্দে, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰ উপস্থিত থাকিব। ৰাষ্ট্ৰপতিয়ে লগতে শাসন অপল্যা দাৰি আৰু মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী সকলকো সাক্ষাৎ‍ কৰিব । ৰাষ্ট্ৰপতি মুমু নাদেড়ৰ টৰ্ট ছচখণ্ড শ্ৰী হুজুৰ শ্বাহিদ গুৰুদ্বাৰো পৰিদৰ্শন কৰিব। শ্ৰীমুর্মু তিনি-দিনীয়া...