ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৭ টা শিতানত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ টি শিশুক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিবেশ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে শিশুসকলক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এটা পদক, এখন প্রমাণ পত্ৰ আৰু প্রশস্তিপত্র আছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিখ ধর্মগুৰু গোবিন্দ সিঙৰ পুত্রদ্বয়ৰ সাহসিকতা আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা জনায়। বঁটা লাভ কৰা শিশুসকলক শুভেচ্ছা জনাই ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ কাৰ্য অসাধাৰণ আৰু অতুলনীয় বুলি উল্লেখ কৰে। তেওঁ কয়, যে শিশুসকলৰ প্ৰত্যেকেই এটা বিশেষ গুণৰ অধিকাৰী আৰু তেওঁলোকৰ সাফল্যই নাগৰিকসকলক অনুপ্ৰাণিত কৰিব। ৰাষ্ট্ৰপতিয়ে সকলো মাধ্যমৰ জৰিয়তে শিশুসকলৰ এই সাফল্যৰ বাতৰি সকলোৰে মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।
Assamese | December 26, 2024 6:32 PM | President
১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ