March 4, 2025 8:21 PM

views 51

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলৰ কাৰ্য্য শাসন আৰু কল্যাণৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ – শ্ৰীমতী দ্রৌপদী মুর্মু

বহনক্ষম আৰু সৰ্বাত্মক বিকাশৰ বাবে সম্পদৰ দক্ষ আৰু নিৰপেক্ষ ব্যৱস্থাপনাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় ৰাজহ সেৱাৰ প্রশিক্ষার্থী বিষয়াসকলক উদ্দেশি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ হৈছে, ডিজিটেল যোগাযোগৰ ব্যৱধান হ্ৰাস পাইছে আৰু অৰ্থনৈতিক সুযোগ পূৰ্বৰ তুলনাত অধিক সুলভ হৈছে। তেওঁ কয়, যে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলৰ কাৰ্য্য শাসন আৰু কল্যাণৰ দিশৰ পৰা অতি...

February 25, 2025 8:03 PM

views 55

দেশৰ উন্নত চিকিৎসা ব্যৱস্থাসমূহৰ বিকেন্দ্ৰীকৰণ আৰু স্বাস্থ্যসেৱা প্রতিষ্ঠানসমূহত অধিক গৱেষণাত গুৰুত্ব আৰোপ ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে দেশৰ উন্নত চিকিৎসা ব্যৱস্থাসমূহৰ বিকেন্দ্ৰীকৰণ আৰু স্বাস্থ্যসেৱা প্রতিষ্ঠানসমূহত অধিক গৱেষণাত গুৰুত্ব আৰোপ কৰিছে। আজি পাটনাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বাপু সভাগাৰত আয়োজিত শতবার্ষিকী উদ্যাপন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তুলনামুলকভাৱে সৰু চহৰবোৰত স্বাস্থ্য সেৱাৰ সুবিধাসমূহ উপলব্ধ কৰোৱাব পাৰিলে বৃহৎ স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহৰ কামৰ হেঁচা লাঘব হ'ব। স্বাস্থ্যখণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ শেহতীয়া প্ৰয়োগৰ কথা উল্লেখ কৰি শ্ৰীম...

February 10, 2025 12:08 PM

views 51

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ লগতে পূজা আগবঢ়াব। তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ৱ‍ আৰু বড়ে হনুমান মন্দিৰো দৰ্শন কৰাৰ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ ল'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাষ্ট্ৰপতিক সংগ দিব। ইপিনে, মহাকুম্ভ মেলাত দৰ্শনাৰ্থীৰ আগমণ অব্যাহত আছে। এতিয়ালৈ ৪৩ কোটিতকৈ অধিক ভক্তই এই অধ্যাত্মিক অনুষ্ঠানত ভাগ লৈছে। ...

January 31, 2025 8:26 PM

views 58

ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মৰ ভাষণ সন্দৰ্ভত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে কৰা মন্তব্যৰ গৰিহণা প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি সংসদৰ দুয়োখন অধিবেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। আজি আবেলি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কেইগৰাকীমান জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যই দেশৰ সাংবিধানিক মুৰবৰীগৰাকীৰ সন্মান লাঘব কৰিছে আৰু ই কোনো পধ্যে গ্রহণযোগ্য নহয়। এই বিবৃতিটোত কোৱা হৈছে যে দেশৰ অতি পিছপৰা সম্প্রদায়, মহিলা আৰু খেতিয়কৰ বিষয়ে ক'বলৈ ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুরে কেতিয়াও ভাগৰ অনুভৱ নকৰে। কংগ্ৰ...

January 31, 2025 6:47 PM

views 78

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিক...

January 25, 2025 6:18 PM

views 63

গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৭ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দী আৰু ইংৰাজীত দিয়া এই ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই প্ৰচাৰ কৰিব । আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া ৭ বাজি ৫০ মিনিটত প্ৰচাৰ কৰা হ'ব । ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ...

January 9, 2025 8:44 PM

views 47

দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যখনৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাজ্যপাল হৰিবাবু কান্তামপটি আৰু মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ১৮ সংখ্যক প্রবাসী ভাৰতীয় সন্মিলনত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত ভাৰত আৰু ওড়িশা চৰকাৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত প্রবাসী ভাৰতীয় সন্মিলনত ৭৫খন দেশত থকা প্ৰায় ৬ হাজাৰ প্ৰবাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। এই সন্...

January 3, 2025 12:54 PM

views 75

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্রতিষ্ঠানৰ সোণালী জয়ন্তী সমাৰোহত ৰাষ্ট্ৰপতিৰ অংশগ্রহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্রতিষ্ঠান NIMHANSৰ সোণালী জয়ন্তী সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিষ্ঠানখনৰ মনোৰোগ চিকিৎসা খণ্ড, কেন্দ্ৰীয় পৰীক্ষাগাৰ চৌহদ আৰু ছাত্ৰাবাস উদ্বোধন কৰিব। তেওঁ লগতে বেলাগাৱিত এখন অত্যাধুনিক কৰ্কটৰোগ হাস্পতালো মুকলি কৰিব। কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচন্দ গেহলোট, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু প্ৰহ্লাদ যোশী এই অনুষ্ঠানত উপস্থিত থাকিব।

December 26, 2024 6:32 PM

views 54

১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৭ টা শিতানত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ টি শিশুক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিবেশ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে শিশুসকলক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এটা পদক, এখন প্রমাণ পত্ৰ আৰু প্রশস্তিপত্র আছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিখ ধর্মগুৰু গোবিন্দ সিঙৰ পুত্রদ্বয়ৰ সাহসিকতা আৰু বলিদ...

December 20, 2024 7:57 PM

views 52

ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি এটা অনুষ্ঠানত ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখযোগ্য যে, কোনো প্ৰতিষ্ঠানৰ বৃত্তিগত উৎকৰ্ষতাৰ স্বীকৃতি স্বৰূপে এই সন্মানীয় ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰা হয়। এই উপলক্ষে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে কয়, যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেৱল আত্মনিৰ্ভৰশীলতা আৰু কৌশলগত অংশীদাৰিত্বই দেশৰ সীমান্ত সুৰক্ষিত কৰিব নোৱাৰে। এই সুৰক্ষাৰ বাবে কৌশলগত গোলকীয় অংশীদাৰিত্বও শক্তিশ...