ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱলৈ তিনিদিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিব। ভ্ৰমণৰ আজি প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে হিছাৰত অৱস্থিত গুৰু জাম্বেশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাগ ল’ব। একেদিনাই তেওঁ ব্ৰহ্ম কুমাৰীৰ দ্বাৰা আয়োজিত সামগ্রিক কল্যাণৰ বাবে আধ্যাত্মিক শিক্ষা শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ সজাগতা অভিযান মুকলি কৰিব। কাইলৈ শ্ৰীমতী মুমুৱে পাঞ্জাৱৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ভাটিণ্ডাৰ এইমছৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়া পাঞ্জাৱৰ ম’হালীত পাঞ্জাৱ চৰকাৰে আয়োজন কৰি নাগৰিক অভ্যর্থনা অনুষ্ঠানত অংশ ল’ব। বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে চণ্ডীগড়ত অৱস্থিত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল’ব।
Assamese | March 10, 2025 1:01 PM | President
আজিৰে পৰা শ্ৰীমতী দ্রৌপদী মুর্মূৰ হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱৰ তিনিদিনীয়া ভ্ৰমণসূচী আৰম্ভ