ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথ। তেওঁ কয়, যে নিয়োগ লাভ কৰাটোৱে কেৱল শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয় বৰং শিক্ষার্থীসকলে শিক্ষাৰ পৰা বহুল জ্ঞান আহৰণ কৰাটোহে প্রয়োজন। ওড়িশাৰ ময়ূৰভাঞ্জ জিলাৰ উপৰবেদ চৰকাৰী উচ্চ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে কয়। শ্ৰীমতী মুর্মু ৫দিনীয়া ভ্রমণসূচীৰে ওড়িশালৈ গৈছে। ভ্ৰমণৰ অংশ হিচাপে কাইলৈ তেওঁ তিনিটা ৰে’ল লাইন উদ্বোধন কৰিব। তদুপৰি তেওঁ ৰাজ্যখনত ৰায়ৰংপুৰ জনজাতি গৱেষণা কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰিব।
Assamese | December 6, 2024 2:46 PM | Droupadi Murmu | President
এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথঃ ৰাষ্ট্ৰপতি