ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে দেশত ন্যায়সংগত আৰু নিৰপেক্ষ সমাজৰ দিশে লৈ যোৱাৰ বাবে ন্যায় ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগিব। ৰাষ্ট্ৰপতি ভৱনত আজি বিয়লি উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰমূল্য আৰু বাস্তৱিকতাৰ ভিত্তিত ন্যায় ব্যৱস্থা বিকশাই তুলিছে। তেওঁ লগতে কয় যে, সমতা আৰু সম ন্যায় ব্যৱস্থাৰ আদৰ্শৰাজি ন্যায়পালিকাৰ বাবে পথ প্ৰদৰ্শকস্বৰূপ হ’ব লাগে।
Assamese | November 5, 2024 8:45 PM | President
উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ