ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে আমাৰ দেশ বহনক্ষম চিকিৎসা পৰ্য্যটনৰ কেন্দ্ৰৰূপে উজ্বলি উঠিছে আৰু চিকিৎসকসকলে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰিৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে চিকিৎসা বৃত্তিক মানৱ জাতিৰ সেৱাৰ উৎকৃষ্ট পন্থা বুলি অভিহিত কৰে। সৰ্বাত্মক স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে এইমছ মংগলাগিৰিৰ সৰ্বাত্মক স্বাস্থ্য সদায় মন্ত্ৰৰ ভূয়সী প্রশংসা কৰে। সমাৱৰ্তন অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নজিৰ, মুখ্যমন্ত্ৰী এন চন্দ্ৰবাৰু নাইডু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী প্ৰতাপৰাও যাধৱ, ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী নৰ লোকেশ আৰু স্বাস্থ্য মন্ত্ৰী সত্য কুমাৰ য়াদৱ উপস্থিত থাকে।
Assamese | December 17, 2024 8:10 PM | President
দেশ বহনক্ষম চিকিৎসা পৰ্য্যটনৰ কেন্দ্ৰৰূপে উজ্বলি উঠিছে : ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু