ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্রতিষ্ঠান NIMHANSৰ সোণালী জয়ন্তী সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিষ্ঠানখনৰ মনোৰোগ চিকিৎসা খণ্ড, কেন্দ্ৰীয় পৰীক্ষাগাৰ চৌহদ আৰু ছাত্ৰাবাস উদ্বোধন কৰিব। তেওঁ লগতে বেলাগাৱিত এখন অত্যাধুনিক কৰ্কটৰোগ হাস্পতালো মুকলি কৰিব। কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচন্দ গেহলোট, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু প্ৰহ্লাদ যোশী এই অনুষ্ঠানত উপস্থিত থাকিব।
Assamese | January 3, 2025 12:54 PM | President
ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্রতিষ্ঠানৰ সোণালী জয়ন্তী সমাৰোহত ৰাষ্ট্ৰপতিৰ অংশগ্রহণ