ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি মুমুৱে কয় যে চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰিছে। তেওঁ কয় যে ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সময়ত গ্ৰামাঞ্চলৰ মাত্ৰ ১৭ শতাংশ পৰিয়ালতহে নল যোগে পানী যোগানৰ ব্যৱস্থা আছিল। জলজীৱন মিছনৰ বাবে গ্রামাঞ্চলত বাস কৰা জনসাধাৰণৰ জীৱন উন্নত হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে পানী সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে দেশত ভূগৰ্ভৰ জলস্তৰ ক্রমান্বয়ে হ্ৰাস পোৱাক লৈ উদ্বেগ প্রকাশ কৰে। ওড়িশাক শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত প্ৰথম, উত্তৰ প্ৰদেশক দ্বিতীয় আৰু গুজৰাট তথা পুডুচেৰীক যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিটো শাখাৰ বিজেতাক প্রশস্তিপত্র, ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ‘য় ।
Assamese | October 22, 2024 8:12 PM | President
নতুন দিল্লীত আজি পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান