ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আজি প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সন্ধিয়া সাত বজাত প্ৰথমে হিন্দীত আৰু পাছত ইংৰাজীত এই ভাষণ প্ৰচাৰ কৰা হ‘ব। দূৰদৰ্শনে ইয়াৰ পাছতে ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা চাৰে ৯ বজাত ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটীৰ বাতৰি প্ৰচাৰৰ সময় কিছু সালসলনি কৰা হৈছে। এই অনুসৰি আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিবলগীয়া ভাষণৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া সাত বাজি ১০ মিনিটৰ বাতৰি সাত বাজি ৪০ মিনিটত আৰু জিলাৰ ৰেহৰূপ সাত বাজি ৫০ মিনিটত প্ৰচাৰ কৰা হ‘ব। আনহাতে কাইলৈ পুৱা সাত বাজি পাঁচ মিনিটৰ বাতৰি ছয় বাজি ৫০ মিনিটত প্ৰচাৰ কৰা হ‘ব। স্বাধীনতা দিৱস উপলক্ষে কাইলৈ পুৱা ৯ বজাত ৰাজ্যপালৰ ভাষণ আৰু নিশা চাৰে ৯ বজাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ‘ব ।
Assamese | August 14, 2024 6:08 PM | President
স্বাধীনতা দিৱসৰ প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ