ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ড০ পদ্মা সুব্রমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হ’ব। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী ঊষা উত্থুপে আজি সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰিব।
Assamese | April 22, 2024 11:37 AM | Padma award | President
দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি পদ্ম বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে