June 24, 2026 2:03 PM

views 22

ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেক্‌থেপি আৰু যোগেশ দেউৰী পদ্মশ্ৰী সন্মানেৰে সন্মানিত

ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেক্‌থেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবিন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্রদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহ মন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

June 23, 2026 1:33 PM

views 30

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

♦ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্ম বিভূষণ, ৭টা পদ্মভূষণ আৰু ৫৬টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ৬৫টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শর্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে ২০২৬ বৰ্ষৰ বাবে ৫টা পদ্ম বিভূষ...

June 9, 2026 11:54 AM

views 29

অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কর্যশিল্পী তথা কলা নির...

June 8, 2026 6:45 PM

views 29

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপীক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মান...

June 5, 2026 9:08 PM

views 35

২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই

গৃহ মন্ত্ৰালয়ে ২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে, মনোনয়ন প্রক্রিয়াসমূহ ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। ১৯৫৪ চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতিবছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, ঔষধ, সমাজ সেৱা...

May 27, 2025 2:18 PM

views 69

ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী- এই তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয় ৷ এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁট...

May 21, 2025 12:37 PM

views 63

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পর্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আর্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্ৰশংসা সহ সবিশেষ বিৱৰণ মনোনয়ন-পত্ৰত সন্নিৱিষ্ট কৰিব লাগিব বুলি মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই সন্মান...

May 20, 2025 9:04 PM

views 67

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন গৃহ মন্ত্ৰালয়ৰ আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পৰ্য্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আৰ্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্রশংসা সহ নির্দিষ্ট যাৱতীয় সবিশেষ বিৱৰণ সন্নিৱিষ্ট কৰা উচিত বুলি প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই ...

April 28, 2025 12:37 PM

views 69

আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান সমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়— পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁটা ঘোষণা কৰিছিল। য'ত ৭টা পদ...

January 26, 2025 8:05 PM

views 88

নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ  পদ্মভূষণ সন্মান

ৰাজ্যৰ প্ৰখ্যাত নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ১৯৩৩ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী শিল্পীলৈ ভাৰত চৰকাৰে ২০০৮ চনত পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। অসম নাট্য সন্মিলন বঁটা, আনন্দ মোহন ভাগৱতী নৰ্তন বঁটা, ভৱেন্দ্ৰ নাথ শ‍ইকীয়া ভ্রাম্যমাণ থিয়েটাৰ বঁটাকে ধৰি যতীন গোস্বামীয়ে বহু বঁটা সন্মান লাভ কৰিছে। নৃত্য চৰ্চাৰ লগতে শ্রীগোস্বামীয়ে নৃত্য বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁ মাটি...