গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প’ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পর্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ৰাষ্ট্ৰীয় পুৰস্কাৰ প’ৰ্টেলত উপলব্ধ আর্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্ৰশংসা সহ সবিশেষ বিৱৰণ মনোনয়ন-পত্ৰত সন্নিৱিষ্ট কৰিব লাগিব বুলি মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই সন্মানসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসত ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় সাফল্যৰ সন্মানস্বৰূপে এই বঁটা প্ৰদান কৰা হয় ৷
Assamese | May 21, 2025 12:37 PM | Padma award
২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান