ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী- এই তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয় ৷ এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁটা ঘোষণা কৰিছিল। ইয়াত ৭টা পদ্ম বিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩ পদ্মশ্ৰী বঁটা আছে। ইয়াৰ পূৰ্বেও যোৱা ২৮ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে চলিত বৰ্ষৰ পদ্ম বঁটা প্ৰদানৰ প্ৰথমটো অনুষ্ঠানত ভালে কেইগৰাকী ব্যক্তিক বঁটাৰে সন্মানিত কৰিছিল।
Assamese | May 27, 2025 2:18 PM | Akashvani News | Droupadi Murmu | Padma award | President of india
ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব