ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেক্থেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবিন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়৷
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্রদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহ মন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।