ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ’ব।

যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্ৰদান কৰা হ’ব।

বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপীক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ব। ১৯৬২ চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেকথেপীয়ে বিগত চাৰি দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে।

কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১১ চনত হিল্‌ছ আইডলে ‘কুইন অব্ মেল’ডি’ উপাধিৰে সন্মানিত কৰে। ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে।

২০১৮ চনত গুৱাহাটীৰ শোধনাগাৰে লুইত গৌৰৱ সন্মান আৰু ২০২৩ চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে।

২০২৪ চনত এইগৰাকী কিংবদন্তি শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেকথেপী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যাসিং ৰংপি আদিৰ দৰে অতি জনপ্ৰিয় শিল্পীসকলৰ লগতো গীত পৰিৱেশন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।