June 9, 2026 11:54 AM | Padma award

printer

অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ’ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্ৰদান কৰা হ’ব।

এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কর্যশিল্পী তথা কলা নির্দেশক। ১৯৫৮ চনৰ ১৭ জানুৱাৰীত নলবাৰীৰ হাতীকুছিত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে নৱজাগৰণৰ সূচনা কৰে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বহল পৰিসৰৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি আহিছে । মুম্বাইৰ জে জে কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলা অধ্যয়ন কৰাৰ লগতে তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পুতলা নাচৰ প্ৰশিক্ষণ লয়।

তেওঁ ৰাজ্যৰ নাটক, চলচ্চিত্ৰ আৰু ভাস্কর্যশিল্পৰ সৈতে সক্রিয়ভাৱে জড়িত হৈ থকাৰ সুবাদত ২০০১ ৰ পৰা ২০০৩ চনলৈকে গণৰাজ্য দিৱসত দিল্লীত অসমৰ প্ৰতীকপট নির্মাণত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ কলাৰত্ন সন্মান লাভ কৰা নুৰুদ্দিন আহমেদে ২০২৫ চনত গুৰুজী আদ্য শৰ্মা বঁটা লাভ কৰে। তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্রকল্প নির্মাণতো অৱদান আগবঢ়ায়। ভ্রাম্যমান থিয়েটাৰত মঞ্চ সজ্জাৰ বাবে বিশেষভাৱে পৰিচিত নুৰুদ্দিন আহমেদে সমুদ্র মন্থন, টাইটানিক, ডাইন’চৰ, চুনামি আদি নাটৰ কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। ১০০ খনতকৈও অধিক ছবিত কলা নির্দেশক হিচাপে দায়িত্ব পালন কৰা নুৰুদ্দিন আহমেদৰ অধীনত বহু শিক্ষার্থীয়ে ভাস্কৰ্য্য শিল্পৰ শিক্ষা গ্ৰহণ কৰি আছে। এইগৰাকী প্ৰথিতযশা শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ বাবে ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।