২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই

গৃহ মন্ত্ৰালয়ে ২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে, মনোনয়ন প্রক্রিয়াসমূহ ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে।

উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। ১৯৫৪ চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতিবছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, ঔষধ, সমাজ সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগখণ্ডত আগবঢ়াই অহা বিশেষ অৰিহণা আৰু সফলতাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলক এই বঁটাসমূহ আগবঢ়োৱা হয়।

মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ মনোনয়ন দাখিল কৰাৰ লগতে মনোনয়ন আৰু পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে।