June 23, 2026 1:33 PM

views 25

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

♦ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্ম বিভূষণ, ৭টা পদ্মভূষণ আৰু ৫৬টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ৬৫টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শর্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে ২০২৬ বৰ্ষৰ বাবে ৫টা পদ্ম বিভূষ...

June 5, 2026 9:08 PM

views 30

২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই

গৃহ মন্ত্ৰালয়ে ২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে, মনোনয়ন প্রক্রিয়াসমূহ ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। ১৯৫৪ চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতিবছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, ঔষধ, সমাজ সেৱা...

June 5, 2026 6:36 PM

views 41

অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা লাভ কৰা ৬৫ গৰাকী ব্যক্তিক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সন্মান প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা লাভ কৰা ৬৫গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। চলিত বৰ্ষত পাঁচটা পদ্ম বিভূষণ, ১৩টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ১৩১গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতি বছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু...

April 11, 2025 6:35 PM

views 89

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব। অহা বছৰৰ গণৰাজ্য দিৱসত এই বঁটা ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চত পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলতহে গ্ৰহণ কৰা হ'ব। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী বঁটা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্...