অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা লাভ কৰা ৬৫ গৰাকী ব্যক্তিক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সন্মান প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা লাভ কৰা ৬৫গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল।

চলিত বৰ্ষত পাঁচটা পদ্ম বিভূষণ, ১৩টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ১৩১গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতি বছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়।

কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়।