দুদিনীয়া ভ্রমণসূচীৰে কালি চত্তিশগড়ত উপস্থিত হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মা দন্তেশ্বৰী মন্দিৰ দৰ্শন কৰাৰ লগতে বাষ্টাৰ দশেৰাৰ অন্যতম মুখ্য অনুষ্ঠান পৰম্পৰাগত মুৰীয়া দবাৰত উপস্থিত থাকিব। তাত ৰাষ্ট্ৰপতিগৰাকীয়ে জনজাতীয় নেতা, পুৰোহিত আৰু থলুৱা জনগোষ্ঠীসমূহৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব।
কালি তেওঁ চত্তিশগড়ৰ ৰায়পুৰৰ লোকভৱনত পূজ্য মাতা চাহিব হাচি দেৱী জীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে এটি ২০০ টকীয়া মুদ্ৰা মুকলি কৰে। পূজ্য মাতা চাহিব হাচি দেৱী জী সিন্ধি সম্প্ৰদায়ৰ পৱিত্ৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰৰূপে খ্যাত ঐতিহাসিক ছাদানি দৰবাৰৰ পঞ্চমগৰাকী মুৰববী আছিল। এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে নুৱাখাই উৎসৱৰ অংশৰূপে ৰায়পুৰৰ চৰ্দাৰ বলবীৰ সিং জুনেজা ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত সেৱা সন্মান পৰ্ব আৰু যুৱ প্ৰবোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।