ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ’ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুমুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ’ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্রমণ। আনহাতে বিগত তিনি দশকৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমাণিয়া ভ্ৰমণ কৰিব।
ৰাষ্ট্ৰপতিৰ এই ভ্রমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে সেই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশিদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্রমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷