মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। ২ কোটি ৫৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ এহেজাৰতকৈও অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ড০ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰুৱাপাৰাৰ ২ নম্বৰ উপ-পথত এটা কালভার্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্রমণতে কেওটপাৰাত থকা শ্ৰীশ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰে।