আঞ্চলিক সংবাদ

September 20, 2026 7:09 PM

views 21

অসম ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে অসম আগবাঢ়িছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রকাশ কৰে। ধুবুৰীৰ চাপৰত ৩,২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে আত্মনিৰ্ভৰ...

September 20, 2026 6:53 PM

views 11

দেশৰ সৌৰ সামৰ্থ্যই ১৬৮.০৪ গিগাৱাট স্পৰ্শ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সন্তুষ্টি প্রকাশ

দেশৰ সৌৰ সামৰ্থ্যই ১৬৮.০৪ গিগাৱাট স্পৰ্শ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তুষ্টি প্রকাশ কৰিছে। নৱীকৰণযোগ্য শক্তি খণ্ডই বিশেষ অগ্রাধিকাৰ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে সদৰী কৰিছে। উল্লেখযোগ্য যে, নবীকৰণযোগ্য তথা নিকা শক্তি খণ্ডত বিশেষ গুৰুত্বসহ...

September 20, 2026 6:47 PM

views 11

লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱা বাবে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন

লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত-সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এ...

September 20, 2026 1:06 PM

views 22

বড়ো সংগীত শিল্পী সুলেখা বসুমতাৰীক ২০২৬ বৰ্ষৰ মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান

বড়ো সংগীত জগতৰ বিশিষ্ট কণ্ঠশিল্পী তথা মেলডী কুইনখ্যাত সুলেখা বসুমতাৰীক এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিজনীৰ ইংখং বেলফেয়াৰ ছ'চাইটীয়ে ২০২৬ বৰ্ষৰ মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান কৰে। বিজনীৰ পৰা প্ৰকাশিত প্রথমখন বড়ো দৈনিক বাতৰি কাকত সানচেয়াৰী বড়োলেও ইংখংৰ ২৩ সংখ্যক বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাৰ ...

September 20, 2026 1:03 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত ৩২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি ৩২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰাৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্...

September 20, 2026 12:51 PM

views 10

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত নৱনিৰ্মিত ছাত্রী নিবাস উদ্বোধন

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত পি এম ঊষা আঁচনিৰ অধীনত তিনি কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ছাত্রী নিবাস উদ্বোধন কৰে। তেওঁ লগতে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নির্মিত আন এটা শৈক্ষিক ভৱনো উদ্বোধন কৰে। এই কাৰ্যসূচীত বিধয়ক ভিক্টৰ দাস...

September 20, 2026 12:46 PM

views 32

ৰাজ্যৰ ভিন্ন প্ৰান্তত ছহিদ দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ছহিদ দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছহিদ দিৱস উপলক্ষে স্বাধীনতা আন্দোলনৰ প্ৰত্যেকগৰাকী বীৰ ছহিদলৈ অসমবাসীৰ হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ আজিৰ দিনটোতেই দেশৰ স্বাধীনতাৰ হকে অসমৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকত...

September 20, 2026 12:18 PM

views 6

বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত ড০ শৰ্মাই কয়, যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রী মাধৱদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ দেৱৰ স্মৃতি বিজড়িত এই পবিত্র ভূমি অসমীয়া জাতীয় জীৱনৰ অমূল্য ঐতিহ্য। স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি বটদ্...

September 20, 2026 12:05 PM

views 33

কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

প্রয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙনি আগবঢ়াই যোৱা শিল্পীগৰাকীয়ে ১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্রহণ কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধর্মকায়, নতুন আশা আদি বোলছবিত স্বকীয়ভাবে সং...

September 20, 2026 12:00 PM

views 58

বিশিষ্ট কবি, গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, গীতিকাৰ আনিছ উজ জামানৰ দেওবাৰে পুৱা দেহাৱসান ঘটে। দীর্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীয়ে দেওবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। তেওঁৰ প্ৰকাশিত কাব্যগ্রন্থসমূহৰ ভিতৰত অজ্ঞাতে, গধূলি, সেউজীয়া জোন, এই বাটেদিয়েই আৰু ...