মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত ড০ শৰ্মাই কয়, যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রী মাধৱদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ দেৱৰ স্মৃতি বিজড়িত এই পবিত্র ভূমি অসমীয়া জাতীয় জীৱনৰ অমূল্য ঐতিহ্য।
স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ তামাৰহাট বজাৰত পুনৰ নিৰ্মাণ কৰা দূৰ্গা মন্দিৰটো উদ্বোধন কৰে। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে তামাৰহাটৰ ১০৮ বছৰীয়া দুর্গা মন্দিৰটো হৈছে আধ্যাত্মিক উপাসনাৰ পবিত্র স্থান তথা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ বিন্দু।
ড০ শৰ্মাই দূর্গা মন্দিৰৰ সন্মুখভাগৰ সৌন্দৰ্যবর্ধন, গংগাধৰ নদীৰ ওপৰত তামাৰহাটৰ পৰা কঁঠালতলিলৈ পকী দলং নিৰ্মাণ, তামাৰহাটৰ ক্ষুদ্র প্রাথমিক চিকিৎসালয়খন ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰা হ’ব বুলি আশ্বাস দিয়ে।
এই পৰিদৰ্শন কালত পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী নিশিথ প্রামানিক আৰু মালতী ৰাভা ৰয়ৰ লগতে মন্ত্ৰী অশোক সিংহল আৰু অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকে। ড০ শৰ্মাই গৌৰীপুৰৰ ঐতিহাসিক হাৱামহল পৰিদৰ্শন কৰি ইয়াৰ নৱীকৰণ তথা সংৰক্ষণ কাৰ্যৰ অগ্রগতিৰো পৰ্যালোচনা কৰে।