September 20, 2026 12:18 PM
2
বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত ড০ শৰ্মাই কয়, যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রী মাধৱদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ দেৱৰ স্মৃতি বিজড়িত এই পবিত্র ভূমি অসমীয়া জাতীয় জীৱনৰ অমূল্য ঐতিহ্য। স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ তামাৰহাট বজাৰত পুনৰ নিৰ্মাণ কৰ...