অসম ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে অসম আগবাঢ়িছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রকাশ কৰে। ধুবুৰীৰ চাপৰত ৩,২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব।

৪৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ এই বৃহৎ প্রকল্পটো ৰাজ্যৰ শক্তি খণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ছোৱাত প্রায় ২০ হাজাৰ লোকৰ কৰ্মসংস্থাপন আৰু সম্পূৰ্ণৰূপে কার্যক্ষম হ’লে প্রায় ৫ হাজাৰ স্থায়ী চাকৰি সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে অসম অতি ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম চলি আছে।

এই তাপ বিদ্যুৎ প্রকল্পটোৱে এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাক প্ৰতিফলিত কৰা বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ’ব।

অনুষ্ঠানত উপস্থিত থকা আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানীয়ে তেওঁৰ ভাষণত কয়, যে প্রকল্পটোৱে অসমৰ প্ৰগতিৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ ৰচনা কৰিব। আজিৰ অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্রী অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা সমষ্টিৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।