September 20, 2026 1:06 PM | Sulekha Basumatary

printer

বড়ো সংগীত শিল্পী সুলেখা বসুমতাৰীক ২০২৬ বৰ্ষৰ মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান

বড়ো সংগীত জগতৰ বিশিষ্ট কণ্ঠশিল্পী তথা মেলডী কুইনখ্যাত সুলেখা বসুমতাৰীক এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিজনীৰ ইংখং বেলফেয়াৰ ছ’চাইটীয়ে ২০২৬ বৰ্ষৰ মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান কৰে। বিজনীৰ পৰা প্ৰকাশিত প্রথমখন বড়ো দৈনিক বাতৰি কাকত সানচেয়াৰী বড়োলেও ইংখংৰ ২৩ সংখ্যক বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাৰ মৌতাৰাৰ ৰৈমালী একাডেমী বিএড মহাবিদ্যালয়ত আয়োজিত এটা বিশেষ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা, এখন মানপত্ৰ আৰু এটি স্মাৰক।

 একেটা অনুষ্ঠানতেই বিশিষ্ট ৰাজনীতিবিদ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেইবাবাৰৰ সাংসদ চানছুমা খুংগুৰ বিসমুতিয়াৰীকো ২০২৫ বৰ্ষৰ বাবে মেন অব দ্যা ইয়েৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ড° মংগলছিং হাজোৱাৰীয়ে বাংলাদেশৰ বড়োমূলৰ বিশিষ্ট সাহিত্যিক মথুৰা বিকাশ, ত্ৰিপুৰাৰ মেগন শীর্ষক এখন ইংৰাজী গ্রন্থ উন্মোচন কৰে।

উল্লেখযোগ্য যে, ইংখং রেলফেয়াৰ ছ’চাইটীয়ে ২০০৬ বৰ্ষৰ পৰাই সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজ সেৱক আজি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলক এই বঁটা প্রদান কৰি আহিছে।