মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি ৩২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰাৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকে।
৪৮ হাজাৰ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া এই তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কালত ২০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ উপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত পাঁচ হাজাৰৰো অধিক নিয়োগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।